Assamese Abridged Explanation of the Quran
31:13 - 31:13

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া লুকমানে তেওঁৰ পুত্ৰক কল্যাণৰ উপদেশ প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা সতৰ্ক কৰি কৈছিলঃ হে মোৰ পুত্ৰ! আল্লাহৰ ইবাদতত আনক অংশীদাৰ স্থাপন নকৰিবা। কাৰণ আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা কৰাটো মহা অন্যায়। নিশ্চিতভাৱে এইটো মহাপাপ, আৰু ইয়াৰ ফলত মানুহ চিৰস্থায়ী জাহান্নামী হয়।