Assamese Abridged Explanation of the Quran
33:20 - 33:20

এই কাপুৰুষসকলে ধাৰণা কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ বিৰুদ্ধে একত্ৰিত হোৱা এই সেনাবাহিনীয়ে তেওঁলোকক নিঃশেষ নকৰালৈকে উভতি নাযাব। এই সেনাবাহিনীয়ে যদি পুনৰ আক্ৰমণ কৰিবলৈ আহে তেন্তে এই মুনাফিকসকলে কামনা কৰিব যে, যদি সিহঁত মদীনাৰ পৰা ওলাই বেদুইনসকলৰ লগত বসবাস কৰিলেহেঁতেন আৰু তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন যে, তোমালোকৰ শত্ৰুসকলে যুদ্ধত তোমালোকৰ কি অৱস্থা কৰিছে? হে মুমিনসকল! যদি সিহঁত তোমালোকৰ সৈতে থাকে, তথাপিও সিহঁতে তোমালোকৰ হৈ যুদ্ধ কৰাটো নাম মাত্ৰহে। গতিকে সিহঁতক গুৰুত্ব নিদিবা, তথা সিহঁতকলৈ পৰিতাপো নকৰিবা।