Assamese Abridged Explanation of the Quran
33:21 - 33:21

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা আৰু কৰ্মৰ মাজত নিশ্চিতভাৱে তোমালোকৰ বাবে আছে উত্তম আদৰ্শ। যিহেতু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং যুদ্ধত অংশগ্ৰহণ কৰিছে তথা যুদ্ধ কৰিছে, তেনেক্ষেত্ৰত তোমালোকে নিজৰ শৰীৰকলৈ কিয় কৃপণালী কৰা? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ সেই ব্যক্তিয়েই গ্ৰহণ কৰে, যিয়ে আল্লাহৰ ছোৱাব আৰু তেওঁৰ ৰহমত কামনা কৰে আৰু আখিৰাতৰ প্ৰতি আশা পোষণ কৰে, তথা ইয়াৰ বাবে যথেষ্ট আমল কৰে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে। আনহাতে যিয়ে আখাৰিতৰ ছোৱাব আশা নকৰে, সি আল্লাহকো স্মৰণ নকৰে আৰু ৰাছুলৰ আদৰ্শও গ্ৰহণ নকৰে।