Assamese Abridged Explanation of the Quran
33:23 - 33:23

মুমিনসকলৰ মাজৰ কিছুমান এনেকুৱা আছে যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰিছে। আল্লাহৰ পথত জিহাদ কৰাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰাৰ আৰু দৃঢ় থকাৰ যি অঙ্গীকাৰ কৰিছিল, সেইটো তেওঁলোকে পূৰণ কৰিছে। এতেকে তেওঁলোকৰ মাজৰ কিছুমানে মৃত্যুবৰণ কৰিছে আৰু কিছুমানে আল্লাহৰ পথত শ্বহীদ হৈছে। আৰু আন কিছুমান শ্বহীদ হোৱাৰ অপেক্ষাত আছে। এই মুমিনসকলে আল্লাহৰ অঙ্গীকাৰ ভংগ কৰা নাই, যিদৰে মুনাফিকসকলে সিহঁতৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে।