Assamese Abridged Explanation of the Quran
33:39 - 33:39

সেই নবীসকলে আল্লাহে অৱতীৰ্ণ কৰা বাৰ্তাসমূহক তেওঁলোকৰ উম্মতৰ ওচৰত পৌঁচাই দিছিল। আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। আল্লাহে হালাল কৰা বিষয় এটা পালন কৰিবলৈ কেতিয়াও মানুহৰ টীকা-টিপ্পনীক ভ্ৰূক্ষেপ কৰা নাছিল। বান্দাসকলৰ কৰ্মৰ সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট। যাতে সিহঁতৰ হিচাপ গ্ৰহণ কৰিব পাৰে, আৰু সিহঁতক প্ৰতিদান দিব পাৰে। ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰিব, আৰু বেয়া কাম কৰিলে বেয়া ফলাফল পাব।