Assamese Abridged Explanation of the Quran
33:45 - 33:45

নিশ্চয় আমি আপোনাক মানুহৰ প্ৰতি সাক্ষী হিচাপে প্ৰেৰণ কৰিছোঁ, যাতে আপুনি এই কথাৰ সাক্ষ্য দিব পাৰে যে, আপোনাক যি বাৰ্তাসহ প্ৰেৰণ কৰা হৈছিল, আপুনি সেইটো হুবহু পৌঁচাই দিছে। তথা মুমিনসকলক সেই জান্নাতৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছোঁ, যিখন আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। লগতে আপোনাক প্ৰেৰণ কৰিছোঁ কাফিৰসকলক সেই শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যিটো আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।