Assamese Abridged Explanation of the Quran
34:10 - 34:10

নিশ্চয় আমি আমাৰ ফালৰ পৰা দাঊদ আলাইহিচ্ছালামক নবুওৱত প্ৰদান কৰিছিলোঁ আৰু ৰাজত্ব প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতসমূহক কৈছিলোঁ, হে পৰ্বতসমূহ! তোমালোকে দাঊদৰ সৈতে তছবীহ পাঠ কৰা। এই নিৰ্দেশ আমি চৰাই-চিৰিকটিবিলাককো দিছিলোঁ। আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে প্ৰয়োজনীয় সা-সামগ্ৰী আদি বনাব পাৰে।