আল্লাহে সিহঁতৰ দূৰত্ব কম কৰি সিহঁতৰ প্ৰতি যি অনুগ্ৰহ কৰিছিল, সেই অনুগ্ৰহ পাই সিহঁতে অহংকাৰ কৰিবলৈ ধৰিলে। তথা সিহঁতে ক’লেঃ হে আমাৰ প্ৰতিপালক! এই জনবসতিবোৰ আঁতৰাই আমাৰ ভ্ৰমণৰ দূৰত্ব বৃদ্ধি কৰি দিয়া। যাতে আমি ভ্ৰমণত ভাগৰ উপলব্ধি কৰিব পাৰোঁ তথা ইয়াৰ ফলত যাতে আমাৰ বাহনবোৰৰ বিশেষত্য প্ৰকাশ পায়। দৰাচলতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ পাই অহংকাৰ কৰি আৰু তেওঁৰ কৃতজ্ঞতাৰ পৰা বিমুখ হৈ নিজৰ ওপৰতেই অন্যায় কৰিছিল, লগতে সিহঁতে সিহঁতৰ মাজৰ দুখীয়া দৰিদ্ৰসকলক দেখি ঈৰ্ষা কৰিছিল। ফলত আমি সিহঁতক কিচ্ছা-কাহিনীত পৰিণত কৰিলোঁ, যাতে পৰৱৰ্তী লোকসকলে সিহঁতৰ বিষয়ে চৰ্চা কৰে। তথা আমি সিহঁতক বিভিন্ন দেশত বিভক্ত কৰিছিলোঁ, যাতে সিহঁতে সহজেই ইজনে সিজনক লগ কৰিব নোৱাৰে। নিশ্চয় ইয়াৰ মাজত- অৰ্থাৎ ছাবাৰ অধিবাসীসকলক প্ৰদান কৰা আল্লাহৰ নিয়ামতসমূহৰ মাজত আৰু এই নিয়ামতবোৰক অহংকাৰ কৰি অস্বীকাৰ কৰাৰ ফলত আৰু কুফৰীৰ কৰাৰ ফলত সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ মাজত - প্ৰত্যেক সেইসকল লোকৰ বাবে আছে উপদেশ, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু আল্লাহৰ নিয়ামত লাভ কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।