Assamese Abridged Explanation of the Quran
34:32 - 34:32

অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি থকা লোকসকলে সেই অনুসাৰীসকলক উদ্দেশ্যি ক’ব, যিসকলক সিহঁতে দুৰ্বল বুলি ভাৱিছিলঃ মুহাম্মদে লৈ অহা হিদায়তৰ পৰা আমি তোমালোকক বাধা প্ৰদান কৰিছিলোঁ নেকি? নহয়, কেতিয়াও নহয়। বৰং তোমালোক নিজেই অন্যায়কাৰী আছিলা আৰু উপদ্ৰৱ সৃষ্টিকাৰী আছিলা তথা দূৰাচাৰী আছিলা।