Assamese Abridged Explanation of the Quran
34:51 - 34:51

হে ৰাছুল! যদি আপুনি দেখা পালেহেঁতেন, কিয়ামতৰ দিনা এই অস্বীকাৰকাৰীসকলে যেতিয়া নিজ চকুৰে শাস্তি দেখা পাই হতভম্ব হৈ পৰিব, তেতিয়া সিহঁতে পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰো কোনো স্থান বিচাৰি নাপাব। সিহঁতক প্ৰাথমিক সময়ছোৱাতে ওচৰৰ পৰা অতি সহজে কৰায়ত্ত কৰা হ’ব। যদি আপুনি সেই পৰিস্থিতিটোক দেখিলেহেঁতেন, তেন্তে নিশ্চয় এটা আশ্চৰ্যজনক পৰিৱেশ দেখা পালেহেঁতেন।