Assamese Abridged Explanation of the Quran
35:2 - 35:2

প্ৰকৃততে প্ৰত্যেক বস্তুৰ চাবি-কাঠি আছে আল্লাহৰ হাতত। এতেকে মানুহৰ বাবে জীৱিকা, হিদায়ত আৰু সুখ-শান্তি আদি যিবোৰ নিয়ামতৰ দুৱাৰ তেওঁ উন্মুক্ত কৰে, সেইটোক কোনেও বাধা দিব নোৱাৰে। আনহাতে তেওঁ যিটোক প্ৰতিৰোধ কৰে, সেইটোক উন্মক্ত কৰাৰো কাৰো ক্ষমতা নাই। তেওঁ মহাপ্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।