Assamese Abridged Explanation of the Quran
35:5 - 35:5

হে মানৱজাতি! আল্লাহে আখিৰাতৰ জীৱন আৰু কিয়ামতৰ প্ৰতিদান সম্পৰ্কে যি প্ৰতিশ্ৰুতি দান কৰিছে সেয়া সত্য, তাত সন্দেহৰ কোনো অৱকাশ নাই। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসে আৰু প্ৰবৃত্তিৰ চাহিদাই যেন তোমালোকক সৎকৰ্মৰ দ্বাৰা সেই দিৱসৰ প্ৰস্তুতি লোৱাৰ পৰা অমনোযোগী কৰি নাৰাখে। আনহাতে চয়তানে বাতিলক শোভনীয় কৰি উপস্থাপনৰ জৰিয়তে তোমালোকক যেন প্ৰতাৰণা কৰিব নোৱাৰে। লগতে পাৰ্থিৱ জীৱনৰ প্ৰতি যাতে আকৰ্ষিত কৰিব নোৱাৰে।