Assamese Abridged Explanation of the Quran
35:36 - 35:36

যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতৰ বাবে আছে জাহান্নাম, য’ত সিহঁতে চিৰকাল অৱস্থান কৰিব। সিহঁতৰ বিৰুদ্ধে মৃত্যুৰ ফয়চালাও দিয়া নহ’ব যে, মৃত্যুবৰণ কৰি শাস্তিৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ইপিনে জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এনেকুৱা প্ৰতিফল আমি কিয়ামতৰ দিনা প্ৰত্যেক সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে নিজ প্ৰতিপালকৰ নিয়ামতক অগ্ৰাহ্য কৰিছে।