Assamese Abridged Explanation of the Quran
40:67 - 40:67

তেৱেঁই তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই বীৰ্যৰ পিছত ৰক্তপিণ্ডত পৰিণত কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাকৰ গৰ্ভৰ পৰা নৱজাতকৰূপে ভূমিষ্ঠ কৰে। তেৱেঁই তোমালোকক ডাঙৰ দীঘল কৰি যৌৱনত উপনীত কৰে, আৰু অৱশেষত বৃদ্ধাৱস্থাত পৌঁচাই দিয়ে। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে। এইবোৰৰ কাৰণ হৈছে যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা সময়ত উপনীত হ’ব পাৰা, যিটোক তোমালোকে হ্ৰাস কৰিবও নোৱাৰিবা আৰু বৃদ্ধি কৰিবও নোৱাৰিবা। যাতে তোমালোকে আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ এই প্ৰমাণ আৰু দলিলবোৰৰ দ্বাৰা উপকৃত হ’ব পাৰা।