আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰা লোকসকলক আল্লাহে যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, সেই জান্নাতৰ বৈশিষ্ট্য হৈছে এনে ধৰণৰঃ তাত এনেকুৱা নদী আছে, যি নদীৰ পানী অধিক সময় ৰখি থাকিলেও সোৱাদ আৰু ঘ্ৰাণ পৰিবৰ্তন নহয়। লগতে তাত আছে সোৱাদ পৰিবৰ্তন নোহোৱা গাখীৰৰ নদী। এইদৰে তাত আছে সুস্বাদু সুৰাৰ নদী। লগতে তাত পৰিশোধিত মৌজোলৰ নদীও আছে। তেওঁলোকৰ বাবে তাত থাকিব তেওঁলোকে বিচৰা সকলো প্ৰকাৰ ফল-মূল। এই সকলোবোৰৰ ওপৰত থাকিব তেওঁলোকৰ বাবে আল্লাহৰ ফালৰ পৰা গুনাহৰ ক্ষমা। তেওঁলোকক এই বিষয়ে কোনো সোধ-পোচ কৰা নহ’ব। এনেকুৱা প্ৰতিদান লাভ কৰা ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা ঠিক হ’বনে যিয়ে চিৰকাল জাহান্নামত থাকিব, তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু যাক উতলা গৰম পানী খোওৱা হ’ব, ফলত সিহঁতৰ নাৰী-ভুৰু ছিন্ন-বিচ্ছিন্ন হৈ পৰিব?