Assamese Abridged Explanation of the Quran
57:5 - 57:5

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে তেওঁৰেই। একমাত্ৰ তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱর্তিত হয়। এতেকে কিয়ামতৰ দিনা তেৱেঁই হিচাপ-নিকাচ গ্ৰহণ কৰিব আৰু সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।