Assamese Abridged Explanation of the Quran
57:9 - 57:9

তেৱেঁই আল্লাহ যিজনে তেওঁৰ বান্দাহ মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছে। যাতে তেওঁ তোমালোকক কুফৰী আৰু অজ্ঞতাৰ অন্ধকাৰৰ পৰা ঈমান আৰু জ্ঞানৰ পোহৰৰ ফালে উলিয়াই আনিব পাৰে। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত দয়াৱান তথা কৰুণাশীল। কিয়নো, তেওঁ তোমালোকৰ ওচৰলৈ পথপ্ৰদৰ্শক আৰু সুসংবাদদাতা হিচাপে তেওঁৰ নবীক প্রেৰণ কৰিছে।