Assamese Abridged Explanation of the Quran
57:15 - 57:15

এতেকে হে মুনাফিকসকল! আজি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তোমালোকৰ পৰা কোনো ধৰণৰ মুক্তিপণ গ্ৰহণ কৰা নহ’ব। আনহাতে সেইসকল লোকৰ পৰাও কোনো ধৰণৰ মুক্তিপণ গ্ৰহণ কৰা নহ’ব যিসকলে প্ৰকাশ্যভাৱে আল্লাহক অস্বীকাৰ কৰিছে। প্ৰকৃততে তোমালোকৰ আৰু কাফিৰসকলৰ শেষ ঠিকনা হৈছে জাহান্নাম। সেই স্থানটো হৈছে তোমালোকৰ বাবে অধিক যোগ্য স্থান। আৰু তোমালোকেও সেই স্থানৰ বাবে অধিক যোগ্য। সেইটো কিমান যে নিকৃষ্ট ঠিকনা।