Assamese Abridged Explanation of the Quran
66:3 - 66:3

তথা স্মৰণ কৰক সেই সময়ক, যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ পত্নী হাফচা ৰাদ্বিয়াল্লাহু আনহাক এটা গোপন কথা কৈছিল যে, তেওঁ মাৰিয়াৰ ওচৰলৈ আৰু নাযাব। এই কথাষাৰ যেতিয়া হাফচা ৰাদ্বিয়াল্লাহু আনহাই আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাইছিল, ইপিনে আল্লাহেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰাইছিল যে, হাফচাই গোপন তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাফচাক ভৰ্ৎসনা কৰিলে আৰু এই সংক্ৰান্তীয় কিছুমান কথা ক'লে আৰু কিছুমান কথা নোকোৱাকৈ থাকিলে। এই শুনি হাফচাই ক'লেঃ আপোনাক এইবোৰ কোনে ক'লে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মোক সেই সত্ত্বাই জনাইছে, যিজন সকলো বিষয়ে সৰ্বজ্ঞ আৰু প্ৰত্যেক গোপন তথ্য সম্পৰ্কে অৱগত।