Assamese Abridged Explanation of the Quran
68:44 - 68:44

এতেকে হে ৰাছুল, আপুনি মোক আৰু তাক এৰি দিয়ক, যিয়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰ কৰে। আমি সিহঁতক লাহে লাহে এনেদৰে শাস্তিৰ ফালে টানি আনিম সিহঁতে গমেই নাপাব যে সিহঁতক ঢিল দিয়া হৈছিল।