Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 50

وَقَالُواْ لَوۡلَآ أُنزِلَ عَلَيۡهِ ءَايَٰتٞ مِّن رَّبِّهِۦۚ قُلۡ إِنَّمَا ٱلۡأٓيَٰتُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٞ مُّبِينٌ ٥٠
মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যিদৰে পূৰ্বৱৰ্তী ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপুনি প্ৰস্তাৱ দিয়া লোকসকলক কৈ দিয়ক, নিদৰ্শন অৱতীৰ্ণ কৰাৰ দায়িত্ব হৈছে পৱিত্ৰ আল্লাহৰ হাতত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে; সেইবোৰ অৱতীৰ্ণ কৰা মোৰ কাম নহয়। নিশ্চিতভাৱে মই হৈছোঁ তোমালোকক স্পষ্টৰূপে আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰী।