Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 51

أَوَلَمۡ يَكۡفِهِمۡ أَنَّآ أَنزَلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ يُتۡلَىٰ عَلَيۡهِمۡۚ إِنَّ فِي ذَٰلِكَ لَرَحۡمَةٗ وَذِكۡرَىٰ لِقَوۡمٖ يُؤۡمِنُونَ ٥١
হে ৰাছুল! এই প্ৰস্তাৱ দিয়া লোকসকলৰ বাবে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনখন যথেষ্ট নহয় নেকি, যিখন ইহঁতৰ সন্মুখত তিলাৱত কৰা হয়? নিশ্চয় আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত সেইসকল লোকৰ বাবে আছে ৰহমত আৰু উপদেশ, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই কোৰআনৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। এতেকে এওঁলোকৰ ওপৰত অৱতীৰ্ণ এই সকলোবোৰ প্ৰমাণ, সেইসমূহ নিদৰ্শনতকৈ যথেষ্ট পৰিমাণে উত্তম, যিবোৰ পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু যিবোৰ অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ স্বয়ং ইহঁতে আগবঢ়াইছে।