Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 63

وَلَئِن سَأَلۡتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ مِنۢ بَعۡدِ مَوۡتِهَا لَيَقُولُنَّ ٱللَّهُۚ قُلِ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡقِلُونَ ٦٣
হে ৰাছুল! আপুনি যদি মুশ্বৰিকসকলক সোধে যে, আকাশৰ পৰা পানী কোনে বৰষায়, যাৰ ফলত মৃত ভূমিত উদ্ভিদ উৎপন্ন হয়? তেতিয়া সিহঁতে নিশ্চয় ক’বঃ আল্লাহেই আকাশৰ পৰা পানী বৰষায় আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। হে ৰাছুল! আপুনি কওক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে তোমালোকৰ ওপৰত প্ৰমাণ প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃততে সিহঁতৰ মাজৰ অধিকাংশ লোকেই বুজি নাপায়। যদি সিহঁতে বুজিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ সৈতে এনেকুৱা মূৰ্ত্তিবোৰক অংশীদাৰ নকৰিলেহেঁতেন, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।