Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 64

وَمَا هَٰذِهِ ٱلۡحَيَوٰةُ ٱلدُّنۡيَآ إِلَّا لَهۡوٞ وَلَعِبٞۚ وَإِنَّ ٱلدَّارَ ٱلۡأٓخِرَةَ لَهِيَ ٱلۡحَيَوَانُۚ لَوۡ كَانُواْ يَعۡلَمُونَ ٦٤
এই পাৰ্থিৱ জীৱন লগতে ইয়াত থকা সকলো সুখ-সুবিধা তথা বিভিন্ন উপভোগ সামগ্ৰীবোৰ হৈছে ইয়াৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ বাবে এইবোৰ এক প্ৰকাৰ খেল-ধেমালিস্বৰূপ। যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে আখিৰাতৰ ঘৰেই হৈছে বাস্তৱিক জীৱন। কাৰণ সেইখনেই অৱশিষ্ট থাকিব। সিহঁতে যদি এই বিষয়টো ভালদৰে জানিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে চিৰস্থায়ী জীৱনৰ ওপৰত অস্থায়ী জীৱনক প্ৰাধান্য নিদিলেহেঁতেন।