Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 17

يَٰبُنَيَّ أَقِمِ ٱلصَّلَوٰةَ وَأۡمُرۡ بِٱلۡمَعۡرُوفِ وَٱنۡهَ عَنِ ٱلۡمُنكَرِ وَٱصۡبِرۡ عَلَىٰ مَآ أَصَابَكَۖ إِنَّ ذَٰلِكَ مِنۡ عَزۡمِ ٱلۡأُمُورِ ١٧
হে মোৰ পুত্ৰ! পৰিপূৰ্ণ নিয়ম-নীতিৰ সৈতে চালাত আদায় কৰিবা তথা ইয়াক প্ৰতিষ্ঠা কৰিবা। লগতে সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিবা। তথা এই পথত যিমানবোৰ কষ্টৰ সন্মুখীন হ’বা, সেই সকলো পৰিস্থিতিতেই ধৈৰ্য্য ধাৰণ কৰিবা। ইয়াত তোমাক যিবোৰ বিষয়ৰ আদেশ দিয়া হৈছে, দৰাচলতে আল্লাহেই এইবোৰ নিৰ্ধাৰণ কৰিছে, সেই সকলোবোৰ কৰা তোমাৰ বাবে অনিবাৰ্য। ইয়াত তোমাৰ বাবে কোনো বিকল্প নাই।