Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 18

وَلَا تُصَعِّرۡ خَدَّكَ لِلنَّاسِ وَلَا تَمۡشِ فِي ٱلۡأَرۡضِ مَرَحًاۖ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ مُخۡتَالٖ فَخُورٖ ١٨
অহংকাৰ কৰি মানুহৰ পৰা নিজৰ মুখ ঘূৰাই নল’বা, আৰু পৃথিৱীত অতিমাত্ৰা আনন্দিত হৈ তথা নিজক উৎকৃষ্ট বুলি ভাৱি গৌৰৱ দেখুৱাই চলাফুৰা নকৰিবা। কাৰণ নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায়, যিসকলে চলাফুৰাত অহংকাৰ কৰে আৰু নিয়ামত পাই মানুহৰ সন্মুখত গৌৰৱ কৰে, লগতে আল্লাহৰ কৃতজ্ঞতাও জ্ঞাপন নকৰে।