Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 32

وَإِذَا غَشِيَهُم مَّوۡجٞ كَٱلظُّلَلِ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمۡ إِلَى ٱلۡبَرِّ فَمِنۡهُم مُّقۡتَصِدٞۚ وَمَا يَجۡحَدُ بِـَٔايَٰتِنَآ إِلَّا كُلُّ خَتَّارٖ كَفُورٖ ٣٢
সাগৰীয় ঢেউ যেতিয়া সিহঁতক পৰ্বত সদৃশ আৰু প্ৰকাণ্ড মেঘৰ দৰে আগুৰি ধৰে, তেতিয়া সিহঁতে একনিষ্ঠভাৱে একমাত্ৰ আল্লাহৰ ইবাদতৰ অঙ্গীকাৰ কৰি তেওঁৰ ওচৰত দুআ কৰিবলৈ ধৰে। এতেকে আল্লাহে যেতিয়া সিহঁতৰ দুআ কবূল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰি যেতিয়া সুকলমে স্থলত পৌঁচাই দিয়ে, তেতিয়া সিহঁতৰ মাজৰ কিছুমানে মধ্যম পন্থা বাচি লয়, অৰ্থাৎ যিদৰে আল্লাহৰ কৃতজ্ঞতা কৰা উচিত সেইদৰ নকৰে। পক্ষান্তৰে আন কিছুমানে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰি বহে। আমাৰ আয়াতসমূহক কেৱল সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকল হৈছে বিশ্বাসঘাতক, তথা যিয়ে নিয়ামত লাভ কৰাৰ পিছত আল্লাহৰ নিয়ামত অস্বীকাৰ কৰি অকৃতজ্ঞ হৈ পৰে। যিদৰে এই ব্যক্তিয়ে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, আল্লাহে যদি তাক বিপদৰ পৰা ৰক্ষা কৰে তেন্তে সি আল্লাহৰ কৃতজ্ঞ হৈ থাকিব।