Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 33

يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمۡ وَٱخۡشَوۡاْ يَوۡمٗا لَّا يَجۡزِي وَالِدٌ عَن وَلَدِهِۦ وَلَا مَوۡلُودٌ هُوَ جَازٍ عَن وَالِدِهِۦ شَيۡـًٔاۚ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞۖ فَلَا تَغُرَّنَّكُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلۡغَرُورُ ٣٣
হে মানৱজাতি! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সেই দিৱসটোক ভয় কৰা যিদিনা পিতৃয়েও সন্তানক উপকাৰ কৰিব নোৱাৰিব, আনহাতে সন্তানেও পিতৃক একো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা প্ৰতিদান দিবলগীয়া আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ’বই হ’ব। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু ইয়াৰ মায়াজালত পৰি তোমালোকে যেন প্ৰতাৰিত নোহোৱা। আনহাতে চয়তানেও যেন তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে, এই আশা দেখুৱাই যে, আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিয়ে থাকিব তথা তোমালোকৰ পৰা শাস্তি পিছুৱাই দিয়া হ’ব।