Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 13

وَإِذۡ قَالَت طَّآئِفَةٞ مِّنۡهُمۡ يَٰٓأَهۡلَ يَثۡرِبَ لَا مُقَامَ لَكُمۡ فَٱرۡجِعُواْۚ وَيَسۡتَـٔۡذِنُ فَرِيقٞ مِّنۡهُمُ ٱلنَّبِيَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوۡرَةٞ وَمَا هِيَ بِعَوۡرَةٍۖ إِن يُرِيدُونَ إِلَّا فِرَارٗا ١٣
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া মুনাফিকসকলৰ এটা দলে মদীনাবাসীক উদ্দেশ্যি কৈছিলঃ হে ইয়াছৰীবৰ অধিবাসীসকল (ইছলামৰ পূৰ্বে মদীনাৰ বাবে এইটো নাম প্ৰসিদ্ধ আছিল)! খন্দকৰ ওচৰত ছালাআ পৰ্বতৰ তলদেশত তোমালোকৰ কোনো স্থান নাই, গতিকে তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। সিহঁতৰ মাজৰ এটা দলে ঘৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিছিল। সিহঁতে দাবী কৰিছিল যে, সিহঁতৰ ঘৰ শত্ৰুসকলৰ বাবে উন্মুক্ত হৈ আছে। যদিও পৰিস্থিতি তেনেকুৱা নাছিল, যিদৰে সিহঁতে দাবী কৰিছে। দৰাচলতে সিহঁতে মিছা অজুহাত দেখুৱাই শত্ৰুৰ পৰা পলায়ন কৰিব বিচাৰিছিল।