Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 73

لِّيُعَذِّبَ ٱللَّهُ ٱلۡمُنَٰفِقِينَ وَٱلۡمُنَٰفِقَٰتِ وَٱلۡمُشۡرِكِينَ وَٱلۡمُشۡرِكَٰتِ وَيَتُوبَ ٱللَّهُ عَلَى ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمَۢا ٧٣
মানুহে আল্লাহৰ সিদ্ধান্ত অনুসাৰে এই দায়িত্বভাৰ গ্ৰহণ কৰিছে। যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীক তথা মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক সিহঁতৰ নিফাক আৰু আল্লাহৰ লগত কৰা শ্বিৰ্কৰ বাবে শাস্তি বিহিব পাৰে। পক্ষান্তৰে সেইসকল মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ তাওবা কবূল কৰিব পাৰে, যিসকলে দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি অতি দয়ালু।