Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 1

ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَلَهُ ٱلۡحَمۡدُ فِي ٱلۡأٓخِرَةِۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ ١
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যাৰ অধীনত আছে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই সিহঁতক সৃষ্টি কৰিছে, তেৱেঁই সেইবোৰৰ মালিক, আৰু তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে। সেই পৱিত্ৰ আল্লাহৰ বাবেই আছে আখিৰাতত প্ৰশংসা। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। বান্দাৰ অৱস্থা সম্পৰ্কে তেওঁ সম্যক অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়।