Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 2

يَعۡلَمُ مَا يَلِجُ فِي ٱلۡأَرۡضِ وَمَا يَخۡرُجُ مِنۡهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعۡرُجُ فِيهَاۚ وَهُوَ ٱلرَّحِيمُ ٱلۡغَفُورُ ٢
তেওঁ সেই সকলো বস্তু সম্পৰ্কে অৱগত যিবোৰ মাটিৰ ভিতৰত সোমায়, উদাহৰণস্বৰূপে পানী আৰু গছৰ শিপা আদি। তেওঁ সেই বিষয়েও জানে যিবোৰ মাটিৰ পৰা ওলায়, যেনে উদ্ভিদ আদি। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ, ফিৰিস্তা আৰু জীৱিকা সম্পৰ্কেও তেওঁ অৱগত। আনহাতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাৰ আমল আৰু সিহঁতৰ প্ৰাণ সম্পৰ্কেও অৱগত। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু। তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।