Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 36

قُلۡ إِنَّ رَبِّي يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٣٦
হে ৰাছুল! আপুনি এই লোকসকলক কৈ দিয়ক, যিসকলে নিয়ামত লাভ কৰি গৌৰৱ কৰি আছেঃ মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাকেই জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে, যাতে সেই ব্যক্তিক পৰীক্ষা কৰিব পৰা যায় যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ। আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো চাবলৈ যে সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হয়। কিন্তু অধিকাংশ লোকেই নাজানে যে, আল্লাহ মহাপ্ৰজ্ঞাৱান। তেওঁৰ প্ৰত্যেকটো সিদ্ধান্ত হিকমত অনুযায়ী হয়। কিছুমানে সেইটো বুজি পায় আৰু কিছুমানে বুজি নাপায়।