Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 37

وَمَآ أَمۡوَٰلُكُمۡ وَلَآ أَوۡلَٰدُكُم بِٱلَّتِي تُقَرِّبُكُمۡ عِندَنَا زُلۡفَىٰٓ إِلَّا مَنۡ ءَامَنَ وَعَمِلَ صَٰلِحٗا فَأُوْلَٰٓئِكَ لَهُمۡ جَزَآءُ ٱلضِّعۡفِ بِمَا عَمِلُواْ وَهُمۡ فِي ٱلۡغُرُفَٰتِ ءَامِنُونَ ٣٧
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ পথ দেখুৱাব নোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে তেন্তে তেওঁ দ্বিগুণ ছোৱাব অৰ্জন কৰিব। কাৰণ তেওঁৰ সেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বিগুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তিৰে বসবাস কৰিব। তেওঁলোকে শাস্তিৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।