Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 40

وَيَوۡمَ يَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ يَقُولُ لِلۡمَلَٰٓئِكَةِ أَهَٰٓؤُلَآءِ إِيَّاكُمۡ كَانُواْ يَعۡبُدُونَ ٤٠
হে ৰাছুল! সেই দিৱসটোলৈ মন কৰক, যেতিয়া সিহঁত আটাইকে একত্ৰিত কৰা হ’ব। তেতিয়া আল্লাহে মুশ্বৰিকসকলক ভৰ্ৎসনা আৰু নিন্দা কৰাৰ উদ্দেশ্যে ফিৰিস্তাসকলক ক’বঃ এইসকলেই পৃথিৱীত আল্লাহক এৰি তোমালোকৰ উপাসনা কৰিছিল নেকি?