Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 41

قَالُواْ سُبۡحَٰنَكَ أَنتَ وَلِيُّنَا مِن دُونِهِمۖ بَلۡ كَانُواْ يَعۡبُدُونَ ٱلۡجِنَّۖ أَكۡثَرُهُم بِهِم مُّؤۡمِنُونَ ٤١
ফিৰিস্তাসকলে ক’বঃ (হে আল্লাহ!) তুমি নিৰঞ্জন তথা পৱিত্ৰ। তুমিয়ে আমাৰ অভিভাৱক তথা সংৰক্ষক, আন কোনো নহয়। আমাৰ আৰু ইহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বৰং এই মুশ্বৰিকসকলে চয়তানকহে পূজা পাঠ কৰিছিল। চয়তানে ইহঁতৰ সন্মুখত ফিৰিস্তাৰ ৰূপ ধাৰণ কৰি আহিছিল, ফলত ইহঁতে আল্লাহক এৰি চয়তানৰ উপাসনা কৰিছিল। প্ৰকৃততে ইহঁতৰ অধিকাংশই তাৰ প্ৰতি বিশ্বাস পোষণ কৰিছিল।