Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 39

هُوَ ٱلَّذِي جَعَلَكُمۡ خَلَٰٓئِفَ فِي ٱلۡأَرۡضِۚ فَمَن كَفَرَ فَعَلَيۡهِ كُفۡرُهُۥۖ وَلَا يَزِيدُ ٱلۡكَٰفِرِينَ كُفۡرُهُمۡ عِندَ رَبِّهِمۡ إِلَّا مَقۡتٗاۖ وَلَا يَزِيدُ ٱلۡكَٰفِرِينَ كُفۡرُهُمۡ إِلَّا خَسَارٗا ٣٩
হে মানৱজাতি! তেৱেঁই তোমালোকক প্ৰজন্ম আকাৰে সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু ৰাছুলে লৈ অহা বাৰ্তাক অগ্ৰাহ্য কৰিব, সেই কুফৰীৰ গুনাহ আৰু শাস্তি সি নিজেই ভোগ কৰিব। তাৰ কুফৰীয়ে তাৰ প্ৰতিপালকৰ একো ক্ষতি কৰিব নোৱাৰিব। কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে প্ৰতিপালকৰ ওচৰত কেৱল ক্ৰোধহে বৃদ্ধি কৰে। লগতে কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে ক্ষতিগ্ৰস্ততাহে বৃদ্ধি কৰিব। কিয়নো সিহঁতে সেই জান্নাতৰ পৰা বঞ্চিত থাকিব, যিখন আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰিছিল, যদি সিহঁত ঈমান আনিলেহেঁতেন!