Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 40

قُلۡ أَرَءَيۡتُمۡ شُرَكَآءَكُمُ ٱلَّذِينَ تَدۡعُونَ مِن دُونِ ٱللَّهِ أَرُونِي مَاذَا خَلَقُواْ مِنَ ٱلۡأَرۡضِ أَمۡ لَهُمۡ شِرۡكٞ فِي ٱلسَّمَٰوَٰتِ أَمۡ ءَاتَيۡنَٰهُمۡ كِتَٰبٗا فَهُمۡ عَلَىٰ بَيِّنَتٖ مِّنۡهُۚ بَلۡ إِن يَعِدُ ٱلظَّٰلِمُونَ بَعۡضُهُم بَعۡضًا إِلَّا غُرُورًا ٤٠
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক তেওঁৰ অংশীদাৰ স্থাপন কৰি উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, সেইবোৰে পৃথিৱীৰ কোনটো বস্তু সৃষ্টি কৰিছে? সিহঁতে এই পৰ্বতবোৰ সৃষ্টি কৰিছে নেকি? নে এই নদীসমূহ সৃষ্টি কৰিছে? নে ইয়াত থকা জীৱ-জন্তুবোৰ সৃষ্টি কৰিছে? অথবা আকাশমণ্ডল সৃষ্টি কৰাৰ ক্ষেত্ৰত সিহঁতে আল্লাহক সহায় কৰিছে নেকি? নাইবা সিহঁতক আমি এনেকুৱা কোনো গ্ৰন্থ প্ৰদান কৰিছোঁ নেকি, য’ত এইবোৰক অংশী কৰি ইবাদত কৰা বিষয়টোক অনুমোদন দিয়া হৈছে? নিশ্চয় এইবোৰৰ এটাৰো ভিত্তি নাই। দৰাচলতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে ইজনে সিজনক প্ৰবঞ্চনামূলক প্ৰতিশ্ৰুতি দিয়ে।