Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 43

ٱسۡتِكۡبَارٗا فِي ٱلۡأَرۡضِ وَمَكۡرَ ٱلسَّيِّيِٕۚ وَلَا يَحِيقُ ٱلۡمَكۡرُ ٱلسَّيِّئُ إِلَّا بِأَهۡلِهِۦۚ فَهَلۡ يَنظُرُونَ إِلَّا سُنَّتَ ٱلۡأَوَّلِينَۚ فَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَبۡدِيلٗاۖ وَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَحۡوِيلًا ٤٣
আল্লাহৰ শপত খাই সিহঁতে কৰা এই প্ৰতিশ্ৰুতিৰ উদ্দেশ্য সঠিক নাছিল। ইয়াৰ উদ্দেশ্য আছিল পৃথিৱীত অহংকাৰ কৰি ফুৰা আৰু মানুহক প্ৰবঞ্চনা কৰা। প্ৰকৃততে বেয়া চক্ৰান্তই একমাত্ৰ চক্ৰান্তকাৰীকহে ক্ষতি কৰে। এই অহংকাৰকাৰীসকলে তথা চক্ৰান্তকাৰীসকলে আল্লাহৰ প্ৰতিষ্ঠিত নীতিৰ অপেক্ষাত আছে নেকি, অৰ্থাৎ সেই ধ্বংসৰ অপেক্ষাত আছে নেকি, যিদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা হৈছিল। অহংকাৰীসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত আপুনি আল্লাহৰ নীতিত কোনো ধৰণৰ পৰিবৰ্তন নাপাব। তেওঁ কেতিয়াও সিহঁতক শাস্তি নিদিয়াকৈ এৰি নিদিব। আপুনি আল্লাহৰ এই নীতিত কোনো ওলট-পালটো নাপাব যে, সিহঁতৰ স্থানত বেলেগক শাস্তি বিহিব। কিয়নো এইটো আল্লাহৰ প্ৰতিষ্ঠিত নীতি।