Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 44

أَوَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَيَنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَكَانُوٓاْ أَشَدَّ مِنۡهُمۡ قُوَّةٗۚ وَمَا كَانَ ٱللَّهُ لِيُعۡجِزَهُۥ مِن شَيۡءٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِۚ إِنَّهُۥ كَانَ عَلِيمٗا قَدِيرٗا ٤٤
কুৰাইশ্বৰ মাজৰ যিসকল লোকে আপোনাক অস্বীকাৰ কৰিছে, সিহঁতে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে সিহঁতে গম পালেহেঁতেন যে, পূৰ্বৱৰ্তী উম্মতৰ যিসকল লোকে অস্বীকাৰ কৰিছিল, সিহঁতৰ শেষ পৰিণতি কেনেকুৱা হৈছিল? সিহঁতৰ পৰিণতি বেয়া নাছিলনে? তথা সিহঁতক আল্লাহে ধ্বংস কৰা নাছিলনে? অথচ সিহঁত কুৰাইশ্বতকৈও অধিক শক্তিশালী আছিল।আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই আল্লাহৰ পৰা গোপন নহয়। নিশ্চয় তেওঁ এই অস্বীকাৰকাৰীসকলৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ আয়ত্তৰ বাহিৰত নহয় তথা গোপন নহয়। তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সিহঁতক ধ্বংস কৰিবলৈ সক্ষম।