Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hadid — Ayah 4

هُوَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يَعۡلَمُ مَا يَلِجُ فِي ٱلۡأَرۡضِ وَمَا يَخۡرُجُ مِنۡهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعۡرُجُ فِيهَاۖ وَهُوَ مَعَكُمۡ أَيۡنَ مَا كُنتُمۡۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٞ ٤
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে। ৰবিবাৰৰ দিনা আৰম্ভ হৈছে আৰু শুক্রবাৰে শেষ হৈছে। যদিও তেওঁ চকুৰ পলকতকৈও কম সময়ত ইয়াক সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰ পিছত তেওঁ নিজৰ উপযুক্ত প্ৰক্রিয়াৰে আৰছৰ ওপৰত উঠিছে তথা সমুন্নত হৈছে। ভূমিৰ ভিতৰত বীজ আৰু বৰষুণৰ যি পানী সোমায় সেয়া তেওঁ জানে, আৰু ইয়াৰ ফলত যিবোৰ শস্য আৰু খনিজ দ্রব্য উদ্গত হয় সেইবোৰো তেওঁ জানে। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ আৰু অহী সম্পৰ্কেও তেওঁ অৱগত, লগতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাসকলৰ আমল আৰু সিহঁতৰ যিবোৰ প্ৰাণ হৰণ হৈ আকাশলৈ উঠি যায় সেইবোৰৰ বিষয়েও তেওঁ অৱগত। হে মানৱসমাজ! তোমালোকে য’তেই নাথাকা কিয় তেওঁ নিজৰ জ্ঞানৰ মাধ্যমত তোমালোকৰ লগতেই থাকে। তোমালোকৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। প্ৰকৃততে তোমালোকে যি কৰি আছা, আল্লাহ সেইবোৰ দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক এইবোৰৰ প্ৰতিদান দিব।