Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jumu'ah — Ayah 5

مَثَلُ ٱلَّذِينَ حُمِّلُواْ ٱلتَّوۡرَىٰةَ ثُمَّ لَمۡ يَحۡمِلُوهَا كَمَثَلِ ٱلۡحِمَارِ يَحۡمِلُ أَسۡفَارَۢاۚ بِئۡسَ مَثَلُ ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِ ٱللَّهِۚ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ٥
সেই ইয়াহুদীসকলৰ দৰে, যিসকলক তৌৰাতৰ বিধান অনুসৰি আমল কৰিবলৈ আদেশ দিয়া হৈছিল, কিন্তু সিহঁতে সেই মতে আমল কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে গাধৰ দৰে, যিয়ে ডাঙৰ ডাঙৰ কিতাপ পিঠিত বহন কৰে কিন্তু সি গম নাপায় তাৰ পিঠিয়ে কি কঢ়িয়াই নিছে। সেইবোৰ কিতাপ নে অইন কিবা? বৰ বেয়া উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু আল্লাহে অত্যাচাৰীসকলক সত্যত উপনীত হ'বলৈ সামৰ্থ নিদিয়ে।