Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jumu'ah — Ayah 6

قُلۡ يَٰٓأَيُّهَا ٱلَّذِينَ هَادُوٓاْ إِن زَعَمۡتُمۡ أَنَّكُمۡ أَوۡلِيَآءُ لِلَّهِ مِن دُونِ ٱلنَّاسِ فَتَمَنَّوُاْ ٱلۡمَوۡتَ إِن كُنتُمۡ صَٰدِقِينَ ٦
হে ৰাছুল! আপুনি কৈ দিয়কঃ ইয়াহুদী ধৰ্ম বিকৃত হোৱাৰ পাছতো তাৰ ওপৰত প্ৰতিষ্ঠিত থকা হে লোকসকল! যদি তোমালোকে নিজকে আল্লাহৰ অলী বুলি গণ্য কৰা, লগতে যদি তোমালোকে ভাৱা যে, তেওঁ আন আন লোক সকলক এৰি বন্ধুত্বৰ সৌভাগ্য কেৱল তোমালোকক প্ৰদান কৰিছে, তেন্তে তোমালোকে মৃত্যু কামনা কৰাচোন। যাতে আল্লাহে তোমালোকক সেইবোৰ বস্তু অতি সোনকালে প্ৰদান কৰিব পাৰে যিটো তেওঁ (তোমালোকৰ ধাৰণা অনুযায়ী) তোমালোকৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে। যদি তোমালোকে তোমালোকৰ এই দাবীত সত্যবাদী যে, কেৱল তোমালোকেই আল্লাহৰ বন্ধু, আন কোনো নহয় (তেন্তে মৃত্যু কামনা কৰা)।