Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Taghabun — Ayah 3

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّ وَصَوَّرَكُمۡ فَأَحۡسَنَ صُوَرَكُمۡۖ وَإِلَيۡهِ ٱلۡمَصِيرُ ٣
আকাশমণ্ডল আৰু পৃথিৱীক সত্যৰ সৈতে সৃষ্টি কৰিছে, অনৰ্থক সৃষ্টি কৰা নাই। হে মানৱজাতি! তেৱেঁই তোমালোকক আকৃতি দান কৰিছে আৰু তেওঁৰ অনুগ্ৰহ ও কৃপাত উত্তম আকৃতি দিছে। অন্যথা ইচ্ছা কৰিলে বেয়া আকৃতি দিব পাৰিলেহেঁতেন। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। য’ত তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ'ব। যদি ভাল হয় তেন্তে ভাল ফলাফল আৰু যদি বেয়া হয় তেন্তে বেয়া প্ৰতিদান।