Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Tahrim — Ayah 4

إِن تَتُوبَآ إِلَى ٱللَّهِ فَقَدۡ صَغَتۡ قُلُوبُكُمَاۖ وَإِن تَظَٰهَرَا عَلَيۡهِ فَإِنَّ ٱللَّهَ هُوَ مَوۡلَىٰهُ وَجِبۡرِيلُ وَصَٰلِحُ ٱلۡمُؤۡمِنِينَۖ وَٱلۡمَلَٰٓئِكَةُ بَعۡدَ ذَٰلِكَ ظَهِيرٌ ٤
তোমালোক দুয়ো তাওবা কৰা উচিত। কাৰণ তোমালোক দুয়োৰে অন্তৰ এইটো বিচাৰিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যাতে তেওঁৰ দাসীৰ পৰা দূৰৈত থাকে আৰু তাইক নিজৰ ওপৰত হাৰাম কৰি লয়, যদিও তেখেতে এইটো অপছন্দ কৰে। ইয়াৰ পিছতো যদি তোমালোকে তেখেতৰ বিৰুদ্ধে সৰৱ থাকা তেন্তে জানি থোৱা, স্বয়ং আল্লাহেই তেখেতৰ সংৰক্ষক আৰু সহায়ক। লগতে জিব্ৰীল আৰু মুমিনসকলেও তেখেতৰ সহায়-সহযোগকাৰী। তথা আল্লাহৰ সহায়ৰ পিছত ফিৰিস্তাসকলেও তেখেতৰ সহায়ক হ'ব আৰু সকলো প্ৰকাৰ নিৰ্যাতনকাৰীৰ বিৰুদ্ধে সহযোগিতা কৰিব।