Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Tahrim — Ayah 7

يَٰٓأَيُّهَا ٱلَّذِينَ كَفَرُواْ لَا تَعۡتَذِرُواْ ٱلۡيَوۡمَۖ إِنَّمَا تُجۡزَوۡنَ مَا كُنتُمۡ تَعۡمَلُونَ ٧
ক্বিয়ামতৰ দিনা কাফিৰসকলক কোৱা হ'বঃ হে আল্লাহক অস্বীকাৰকাৰীসকল! আজি তোমালোকে নিজৰ কুফুৰী আৰু গুনাহৰ কাৰ্যক উচিত সাব্যস্ত কৰিবলৈ বাহানা নকৰিবা। আজি তোমালোকৰ কোনো বাহানা গৃহীত নহ'ব। আজি তোমালোকক আল্লাহৰ লগত কুফুৰী আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ প্ৰতিদান দিয়া হ'ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা।