Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Tahrim — Ayah 6

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ قُوٓاْ أَنفُسَكُمۡ وَأَهۡلِيكُمۡ نَارٗا وَقُودُهَا ٱلنَّاسُ وَٱلۡحِجَارَةُ عَلَيۡهَا مَلَٰٓئِكَةٌ غِلَاظٞ شِدَادٞ لَّا يَعۡصُونَ ٱللَّهَ مَآ أَمَرَهُمۡ وَيَفۡعَلُونَ مَا يُؤۡمَرُونَ ٦
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিজকে তথা নিজৰ পৰিয়ালক সেই ভয়াৱহ অগ্নিৰ পৰা বচোৱাৰ প্ৰস্তুতি লোৱা, যিটোক মানুহ আৰু শিলৰ জৰিয়তে উত্তপ্ত কৰা হ'ব। এই অগ্নিৰ বাবে এনেকুৱা ফিৰিস্তা নিযুক্ত থাকিব, যিসকল ইয়াত প্ৰৱেশকাৰীসকলৰ বাবে নিষ্ঠুৰ আৰু ৰূঢ় স্বভাৱৰ হ'ব। আল্লাহে যেতিয়া তেওঁলোকক কোনো আদেশ কৰিব, তেওঁলোকে সেই আদেশ কেতিয়াও অমান্য নকৰে। আৰু কোনো ধৰণৰ পলম নকৰাকৈ সেই আদেশ পালন কৰিব।